লখিমপুৰত চোৰৰ উপদ্ৰৱ: আহুচাউল গাঁৱৰ পৰা নিশা চোৰে লুটি নিলে ৬ লাখ টকাৰ গহনা

শেহতীয়াকৈ লখিমপুৰত পুনৰ বৃদ্ধি পাইছে চোৰৰ প্ৰকোপ। বিগত কেইটামান দিনত জিলাখনৰ বিভিন্ন প্ৰান্তত কেইবাটাও চুৰি কাৰ্য সংঘটিত হোৱাৰ সমান্তৰালভাৱে যোৱা নিশাও লখিমপুৰ নগৰৰ ৩ নং ৱাৰ্ডৰ আহুচাল গাঁৱৰ যুগান্ত বৰগোহাঁইৰ ঘৰৰ পৰা চোৰে দুৱাৰ ভাঙি প্ৰায় ৬ লাখ টকাৰ গহনা লুট কৰি নিয়ে। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চৰাইদেউ নগৰ পথৰ যুগান্ত বৰগোহাঁইৰ ঘৰৰ পৰা নিশা প্ৰায় ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত চোৰে ঘৰৰ পিছফালৰ দুৱাৰ ভাঙি লকেটৰ সৈতে তিনিডাল সোণৰ চেইন, তিনিটা সোণৰ আঙুঠি, সোণৰ কাণফুলি তিনিজোৰ, সোণৰ খাৰু দুযোৰৰ লগতে দুটাকৈ কেঁচা সোণৰ ছেট আৰু নগদ ৩,৫০০ টকা সহ প্ৰায় ৬ লক্ষাধিক টকাৰ সম্পত্তি চুৰি কৰি নিয়ে। ইপিনে বৰগোঁহাই দম্পত্তিয়ে আন দিনৰ দৰেই খোজ কাঢ়িবলৈ বুলি আজি পুৱাও ৪.৩০ বজাতে উঠাৰ পাছতে গদৰেজ খোল খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰে আৰু সোণৰ গহনা সমূহ নেদেখি হতভম্ব হৈ পৰে। এই সন্দৰ্ভত গৃহস্থই পুৱাই লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *