লখিমপুৰ, ১৯ এপ্ৰিলঃ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পাঠ্যক্ৰমৰ সৈতে সংগতি ৰাখি আৰু একাদশ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকল উপকৃত হোৱাকৈ লখিমপুৰ জিলাৰ পানীগাঁৱৰ উমাকান্ত শইকীয়াই প্ৰণয়ন কৰি উলিওৱা বি,আৰ, চিম্পল ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিছন শীৰ্ষক এখনি ব্যাকৰণ আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। এই উদ্দেশ্যে আজি পানীগাওঁ চাৰিআলিৰ ব্লু ৰিবন ডিজিটেল শ্ৰেণী কোঠাত আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাত ব্যাকৰণখনি উন্মোচন কৰে অসম ৰাজ্যিক বিদ্যালয় পৰীক্ষা পৰিষদৰ লখিমপুৰ সংমণ্ডলৰ সচিব দেৰাজুল হুছেইনে। এডিকে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নিৰণ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাখনি উদ্বোধন কৰে পূৱ তেলাহী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মাখন চন্দ্ৰ মুদৈয়ে। পানীগাওঁ অপিডি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক গ্ৰন্থগাৰিক অতুল বৰাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰা সভাখনিত পানীগাওঁ অ,পি,ডি, মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড০ ৰবিন শইকীয়া আৰু পানীগাওঁ আদৰ্শ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড০ প্ৰশান্ত বাৰিক বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
পানীগাঁৱত উমাকান্ত শইকীয়াৰ ইংৰাজী ব্যাকৰণ উন্মোচন







Leave a Reply