এক শোকাবহ ঘটনাই জোকাৰি গৈছে লখিমপুৰ জিলাৰ নাওবৈচা অঞ্চল। মঙলবাৰে নিশা নাওবৈচা ভৰলুৱাত ব্ৰজ পৰি একে পৰিয়ালৰ এগৰাকী যুৱতীয়ে কৰুণ মৃত্যুক সাবটি লোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে মহিলা সহ আন এটি শিশু। জানিব পৰা মতে মহিলাগৰাকীৰ অৱস্থা অতি সংকটজনক। ঘটনাৰ সূত্ৰ অনুসৰি মঙলবাৰে নিশা প্ৰায় ৮ মান বজাত ব্ৰজ পৰি ভাৰলুৱাৰ চামিলা খাতুন (২৭) ৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় মাতৃ হানুফা খাতুন (৪৭) আৰু চাকিবা খাতুন (৬)। আহত সকলক ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও সংকটজনক অৱস্থাত থকা হানুফা খাতুনক চিকিৎসকে অসম চিকৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
নাওবৈচা ভৰলুৱাত মৰ্মান্তিক ঘটনা: ব্ৰজ পৰি একে পৰিয়ালৰ এগৰাকী যুৱতী নিহত- মহিলা সহ আহত শিশু








Leave a Reply