ৰাজ্য কঁপোৱা অৰ্ণমাই বৰা হত্যাকাণ্ডৰ অভিযুক্ত ম‌ইনুল হকক দোষমুক্ত ঘোষণা উচ্চতম ন্যায়ালয়ৰ

সমগ্ৰ ৰাজ্য কঁপোৱা অৰ্ণমাই বৰাৰ বলাৎকাৰ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হকক দোষমুক্ত ঘোষণা কৰে দেশৰ উচ্চতম ন্যায়ালয়ে। ভয়ংকৰ ঘটনাটোৰ সৈতে মইনুল হক জড়িত থকাৰ পৰ্যাপ্ত প্ৰমাণ নথকাত অভিযুক্তজনক দোষমুক্ত ঘোষণা কৰে উচ্চতম ন্যায়ালয়ে। ইফালে, এই ৰায়দানৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অৰ্ণমাই বৰাৰ স্বামী বিমল বৰাই। মইনুল হকক দোষমুক্ত কৰাটো অতিকৈ দুৰ্ভাগ্যজনক উল্লেখ কৰি তেওঁ কয় যে- ‘সৰ্বোচ্চ ন্যায়ালয়ে দিয়া ৰায়দানৰ পাছত বুজি পালো যে সকলো খেলিমেলি তৃণমূল পৰ্যায়তেই হৈ গ’ল। অভিযুক্ত মইনুল হকক গুৰুতৰ অপৰাধত উচ্চ ন্যায়ালয়ে লঘু শাস্তি প্ৰদানৰ বিৰুদ্ধে অৰ্ণমাই বৰাৰ পৰিয়াল দ্বাৰস্থ হৈছিল সৰ্বোচ্চ ন্যায়ালয়ৰ। উল্লেখযোগ্য যে ২০১৭ চনৰ ৩১ মে’ত হোজাই জিলাৰ যমুনামুখৰ এলাছি দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্ণমাই বৰাক বলাৎকাৰৰ পাছত হত্যা কৰা হৈছিল।
হত্যা কৰি হত্যাকাৰীয়ে ৫৮ বছৰীয়া অৰ্ণমাই বৰাৰ মৃতদেহ পেলাই দিছিল কপিলী নৈত। ইয়াৰ পাছতে তীব্ৰ চাঞ্চলৰ সৃষ্টি হৈছিল সমগ্ৰ ৰাজ্যজুৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *