লখিমপুৰ, ১৯ এপ্ৰিলঃ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্রৱৰ্তিত একশৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে প্ৰতিষ্ঠা লাভ কৰা উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশন আগন্তুক বৰ্ষৰ ৫,৬ আৰু ৭ ফেব্ৰুৱাৰী তাৰিখে লখিমপুৰ জিলা শাখাৰ অতিথ্যত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লক্ষাধিক ভকত বৈষ্ণৱৰ সমাবেশেৰে অনুষ্ঠিত হ’বলগা অধিৱেশনখনি সুচাৰুভাৱে পৰিচালনা কৰাৰ বাবে আজি এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হয়। এই উদ্দেশ্যে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই। লীলাবাৰীৰ নপাম আঞ্চলিক সমন্বয় ৰঙ্গমঞ্চত অনুষ্ঠিত ৰাজহুৱা সভাত চক্ৰধৰ সোণোৱালক সভাপতি, ডাঃ নৱকৃষ্ণ ৰাজখোৱাক সম্পাদক, পদ্মেশ্বৰ চুতীয়া আৰু নৃপেন শইকীয়াক যুটীয়া সম্পাদক হিচাবে লৈ এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হয়। এই সভাতে অধিৱেশনৰ আদৰণি সমিতিৰ অন্যান্য ১৫ খন উপসমিতি গঠন কৰাৰ লগতে অন্যান্য ২০ খন উপসমিতি পৰৱৰ্ত্তী সময়ত গঠন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাখনিত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সীমান্ত নেওগ, লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়ে ভাষণ প্ৰদান কৰি অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাত সৰ্বতো প্রকাৰৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য উপদেষ্টা ৰজনীকান্ত দত্ত, উপদেষ্টা কমলাকান্ত গগৈ, উপ-পদাধিকাৰ চন্দ্ৰ হাজৰিকা, প্ৰাক্তন উপ-পদাধিকাৰ প্ৰমোদ শইকীয়া, যুটীয়া সম্পাদক দেৱাৰঞ্জন বৰা, তোষেশ্বৰ বৰা, ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দীপক মজুমদাৰৰ লগতে বহুকেইটা জাতীয় আৰু সামাজিক সাংস্কৃতিক আৰু শিক্ষানুষ্ঠানৰ মূৰব্বী তথা বিষয়ববীয়াকে ধৰি জিলাখনৰ বিভিন্ন প্ৰথমিকৰ পৰা অহা প্ৰায় পাঁচ শতাধিক বাপ, আই মাতৃ আৰু যুৱক যুৱতী উপস্থিত থাকে।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ৯৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠন







Leave a Reply