লখিমপুৰঃ অসম সাহিত্য সভাই বহাগৰ পহিলা দিনটোত সামাজিক, সাহিত্যিক, সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰত অসমৰ জাতীয় জীৱনলৈ অৱদান আগবঢ়োৱা ৬৫ বছৰ বয়সৰ উৰ্ধৰ ব্যক্তিৰ ঘৰলৈ গৈ অসমীয়া নৱবৰ্ষৰ ওলগ জনাই নিজৰ দিন উদযাপন কৰি আহিছে। লখিমপুৰ জিলা সাহিত্য সভায়ো অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অমৃত ভূঞা, লেখক ডিম্বেশ্বৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা লেখিকা চেনেহী বৰা, নব্বৈৰোৰ্দ্ধ জেষ্ঠ নাগৰিক অমিয়া দত্তৰ ঘৰলৈ গৈ ফুলাম গামোচা, থুৰীয়া তামোল, ওলগনি পত্ৰ, কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰি নিজৰ দিন পালন কৰে। এই কাৰ্যসূচীত লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়, উপ সভাপতি অনিল শইকীয়া, সহকাৰী সম্পাদক যুগান্ত শইকীয়া, পত্ৰিকা সম্পাদক জিতেন বৰুৱা, আকাশ উপসমিতিৰ কাৰ্যকৰী সভানেত্ৰী কুঞ্জ বুজৰবৰুৱা আৰু কাৰ্যনিৰ্বাহক সদস্য ৰেনু ভূঞাই অংশগ্ৰহণ কৰে।
লখিমপুৰ জিলা সাহিত্য সভাৰ নিজৰ দিন উদযাপন







Leave a Reply