লখিমপুৰ খেলমাটিৰ পৰা অবৈধ গো মাংস জব্দই-ৰিক্সা সহ দুজনক আটক

লখিমপুৰ খেলমাটিৰ পৰা অবৈধ গো মাংস জব্দ
ই-ৰিক্সা সহ দুজনক আটক

লখিমপুৰ, ৫ জুলাইঃ লখিমপুৰ আৰক্ষীয়ে লাভ কৰা এক খবৰৰ ভিত্তিত আজি খেলমাটিৰ পৰা বৃহৎ পৰিমাণৰ গো-মাংস জব্দ কৰাৰ লগতে এই ঘটনাৰ সৈতে জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে লগতে গো-মাংসখিনি সৰবৰাহ কৰা AS-07-CC-2303 নম্বৰৰ এখন ই-ৰিক্সাও জব্দ কৰে। লখিমপুৰ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি পুৱা প্ৰায় ৭:৪৫ বজাত লীলাবাৰীৰ পৰা খেলমাটিলৈ AS-07-CC-2303 নম্বৰৰ এখন ইলেক্ট্ৰিক অ’টো-ৰিক্সাত অবৈধভাৱে গো-মাংস কঢ়িয়াই নিয়া আৰু বিক্ৰী কৰাৰ বিষয়ে এক তথ্য লাভ কৰে লখিমপুৰ আৰক্ষীয়ে। এই তথ্যৰ ভিত্তিতে খেলমাটি ট’পৰ ভাৰপ্ৰাপ্ত বিষয়া দীপংকৰ দলে আৰু WASI আশা বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে খেলমাটি ১৪ নং ৱাৰ্ডৰ আশ্ৰাফ আলী পথৰ ছফিকুৰ ৰহমানৰ পুত্ৰ মোঃ মুজিবুৰ ৰহমান (৪৪)ৰ বাসগৃহৰ চৌহদত উক্ত ইলেক্ট্ৰিক অ’টো-ৰিক্সাখন আটক কৰাৰ লগতে অ’টো-ৰিক্সাখনৰ চালক উত্তৰ লখিমপুৰ থানাৰ অন্তৰ্গত চুতীয়াকাৰী নিবাসী মোঃ নুৰ মহম্মদৰ পুত্ৰ মোঃ আজিজুৰ ৰহমান (৩৫) ক আটক কৰে। তালাচীৰ সময়ত আৰক্ষীয়ে অ’টো-ৰিক্সাখনৰ পৰা ৫৮ টা বগা ৰঙৰ প্লাষ্টিকৰ পলিথিন বেগত পেক কৰা মুঠ ৬৫.৫০ কিলোগ্ৰাম আৰু এটা বগা-মেৰুন ৰঙৰ প্লাষ্টিকৰ বেগত পেক কৰা ২০ কিলোগ্ৰাম, সৰ্বমুঠ ৮৫.৫০ কিলোগ্ৰাম সন্দেহজনক গৰুৰ মাংস উদ্ধাৰ কৰে। আৰক্ষীয়ে লগতে অভিযুক্তৰ পৰা এটা এটা Vivo মোবাইল ফোনো জব্দ কৰে।
অন্যহাতে অভিযুক্ত মোঃ আজিজুৰ ৰহমানৰ স্বীকাৰোক্তিৰ ভিত্তিত লীলাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লীলাবাৰী বালিজানস্থিত আজিজুৰ ৰহমানৰ আত্মীয়ৰ বাসগৃহত অভিযান চলাই সন্দেহজনক পশু জবাইত ব্যৱহৃত তিনিখন লোহাৰ দা আৰু তিনিখন লোহাৰ ছুৰী উদ্ধাৰ জব্দ কৰে। ঘটনাৰ সৈতে জড়িত দুয়োগৰাকী অভিযুক্তক ইতিমধ্যে আটক কৰি উত্তৰ লখিমপুৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *