শব্দ-চৰৈৱতিৰ নিয়মীয়া অনুষ্ঠান আড্ডা

লখিমপুৰৰ পৰা প্ৰকাশিত তিনিমহীয়া সাহিত্য আলোচনী ‘চৰৈৱতি’ আৰু কাব্যচৰ্চাৰ অনুষ্ঠান শব্দৰ নিয়মীয়া অনুষ্ঠান আড্ডা আজি উত্তৰ লখিমপুৰ নগৰৰ শিৱ মন্দিৰৰ সমীপৰ মুকুট গগৈৰ বাসগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে সদ্যপ্ৰয়াত কবি জোনমণি দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিশিষ্ট শিক্ষাবিদ, লেখক, সাহিত্যিক ভৰত ৰাজখোৱা, অৰুণাচল প্ৰদেশৰ বিশিষ্ট কবি অজন্তা, শব্দৰ সভাপতি ডাঃ জগদীশ গোস্বামী, কবি মুকুট গগৈ আৰু চৰৈৱতিৰ সম্পাদক কল্যাণী চক্ৰৱৰ্তী গগৈয়ে। শিক্ষয়িত্ৰী তথা কবি, গল্পকাৰ বন্তি লেখাৰুৰ এটি বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ আঁত ধৰে চৰৈৱতিৰ সম্পাদক কল্যাণী চক্ৰৱৰ্তী গগৈ আৰু মুকুট গগৈয়ে। পানীগাঁও আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰাৰ্থপ্ৰতিম শৰ্মাৰ কাব্য সংকলন “মোৰ সোঁহাতখন তোমাক দি যাম” গ্ৰন্থখন উন্মোচন কৰে কল্যাণী চক্ৰৱৰ্তী গগৈয়ে। অৰুণাচল প্ৰদেশৰ বিশিষ্ট কবি অজন্তা, লখিমপুৰ জিলা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ উপাধ্যায়, কবি দিলীপ কুমাৰ গগৈ, কৃষক নেতা গিৰিন্দ্ৰ উপাধ্যয়, অৱসৰপ্ৰাপ্ত শিক্ষক দুলাল পূজাৰী, মুফটি আব্দুল হাচিব, মিনতি গোস্বামী পূজাৰী, শব্দৰ সভাপতি ডাঃ জগদীশ গোস্বামী, সম্পাদক বুবুল হাজৰিকা, জিতেন নৰহ প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট লেখক, কবি, সাহিত্যিক উপস্থিত থকা এই অনুষ্ঠানতে প্ৰতিদিন টাইমৰ লখিমপুৰৰ ব্যুৰ চীফ বুবুল হাজৰিকাৰ জীয়ৰী এঞ্জেলিনা বি. হাজৰিকাক চি,চি,আৰ,টি,ৰ সত্ৰীয়া বৃত্তিৰ বাবে নিৰ্বাচিত হোৱাত চৈৰৱতি পৰিয়ালৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত কবি ত্ৰিৰঞ্জন টাইড, জিতেন নৰহ, মেঘৰাম পায়েং, মিন্টু দাস, জ্যু চেং অই চাংমাই, অশোক কুমাৰ দলে, মোহন কুমাৰ দাস, পৰমাকান্ত দাস, দুলাল পূজাৰী, দিলীপ কুমাৰ গগৈ, লাবণ্য ফুকনে কবিতা পাঠ কৰাৰ লগতে বিজয়া গগৈ, মিতালী দেৱী, খ্যাতি বৰা, উৰ্বশী দাসে গীত আৰু নিশিগন্ধা গগৈয়ে নৃত্য পৰিৱেশন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *