প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ বাদল ঠাকুৰৰ দেহাৱসান

গুৱাহাটীৰঃ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ বাদল ঠাকুৰৰ আজি সন্ধিয়া ৬.৩০ বজাত গুৱাহাটীৰ এপ’ল’ হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। গুৱাহাটীৰ বাৰোৱাৰী অঞ্চলৰ বাসিন্দা বাদল ঠাকুৰে অসম ৰঞ্জী দলৰ হৈ দীৰ্ঘদিন ধৰি খেলিছিল আৰু নিজৰ প্ৰতিভাৰে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত বিশেষ স্থান অধিকাৰ কৰিছিল। তেখেতে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ক্ৰিকেট দলৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰি বহু সাফল্য অৰ্জন কৰিছিল। ৬০ দশকৰ অসমৰ দুৰ্ধৰ্ষ অলৰাউণ্ডাৰ আছিল বাদল ঠাকুৰ। অসমৰ হৈ ১৭খন ৰঞ্জী ট্রফীৰ মেচ খেলিছিল ক্রিকেটাৰগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *